Xulav Jibonor Mulyangkan is a assamese poem written by Biswajit Sharma, Recited by Most famous singer Zubeen Garg. The poem dedicated to the Poor people who suffers during Covid-19
Credit :
- Recited by Zubeen Garg
- Poet : Biswajit Sharma
- Music : Priyanku Bordoloi
ক'ভিড মহামাৰীৰ কৰাল গ্ৰাসে বিধস্তি কৰি যোৱা শ্ৰমীজীৱী মানুহবোৰৰ দুখৰ অনুভৱেৰে এমুঠি শব্দৰ চকুলো, আশা কৰো দিনবোৰ আকৌ সেউজীয়া হৈ উভতি আহিব পহোৰ।
সুলভ জীৱনৰ মূল্যাংকন
কৰ্মৰ শেষত যেতিয়া
এপোৱা চাউলৰ টোপোলাটো লৈ
মই ঘৰলৈ উভতি আহো
এই টোপোলাটোতে লুকাই থাকে
মোৰ ঘৰখনৰ ভোকৰ ভৱিষ্যৎ
বিৰিঙি উঠে হাঁহিবোৰ
বিৰিঙি উঠে হাঁহিবোৰ
তিনিটি ক্ষুধাত আত্মাৰ মুখত
মই চাই ৰও মাথোঁ মোৰ সুখৰ ফুলনি
আমিবোৰ সৰু মানুহ
ডাঙৰ মানুহৰ চহৰত
কৰোঁ ৰিক্সা চলোৱা কচৰৎ
আৰু যে ক'ত জনৰ ক'ত কাম
বোৱাই কপালৰ ঘাম
আশা নকৰোঁ বহুত বেছি মান-সন্মান
নাবাৰেচোন জীৱনৰ দাম
নাজানো কিমান পুন্য কৰিলে
সজাব পাৰি আকাশলঘী অট্টালিকা
পাব পৰি BMW ৰ বিলাসিতা
মই ঘিণ কৰো এই কৎক্ৰীটৰ পৃথিৱী
কিন্তু কি কৰিব কওঁক
আজি যেন কৎক্ৰীটেই জীৱন
আৰু ৰুদ্ধা দুৱাৰৰ অহংকাৰ
Watch/Listen